Skip to content

স্বপ্নৰ চিঠি তৰাৰ গান

3.0 (1 review)

30.00

Category:

Description

This book is of a poetry book in Assamese written by Janardan Goswami.

1 review for স্বপ্নৰ চিঠি তৰাৰ গান

  1. Shyamanta Das

    জনার্দন গোস্বামীৰ কবিতা ‘স্বপ্নৰ চিঠি তৰাৰ গান’
    শ্যামন্ত দাস
    ‘পৰিশিষ্ট’ত সন্নিৱিষ্ট হৈছে, “কবিতা জীৱনৰ আশাবাদ,/ কবিতা ভাবৰ সুৰ,/ কবিতা হৃদয়ৰ নেপথ্য সংগীত,/ কবিতা সত্য প্রতিষ্ঠাৰ শ্রেষ্ঠ আহিলা,/ কবিতা সমাজ-সভ্যতাৰ সঞ্জীৱনী অমৃত,/ কবিতা শব্দৰ জৈৱিক সমদল …”। একেদৰে আকর্ষণীয় এই বিষয়ক ‘৬৫’ আৰু ‘৬৬’ পদ্যদুটাৰ কাব্যিক প্রকাশ: “ভুল নকৰিবা কবিতাক বুজিব খুজি,/ গোন্ধ ল’বা।/ শব্দৰ অমৃত লৈ, সত্যৰ আত্মা হৈ/ জীৱনৰ সুবাস কঢ়িয়াই সি।” আৰু “বুজি বুজি ভালপোৱাতকৈ নুবুজিও ভালপোৱা/ যে কিমান বেছি মিঠা !/ নুবুজাকৈয়ো যাক ভাল লাগে,/ সেয়াইতো মোৰ বাবে প্রিয় কবিতা।” ‘১৪৫’ পদ্যটোক শীর্ষক বুলি অভিহিত কৰিব পাৰি কিয়নো ই ‘স্বপ্নৰ চিঠি তৰাৰ গান’ কিতাপখনৰ শিৰোনামাক প্রতিফলিত কৰিছে: ““কবিতা চকুৰ মণিত লিখি থোৱা/ এখন স্বপ্নৰ চিঠি,/ গভীৰ নিশা জ্বলি-পুৰি থকা এটা তৰাৰ গান।“
    এটা সাম্প্রতিক প্রেক্ষাপটৰ পদ্য ‘১৫৬’: “অকমানি এটি কোমল পখিলাই/ ফে’চবুকত কবিতা লিখে,/ এখন পুৰণি ভগা আইনাই আকৌ/ মুখ বিচাৰি উচুপি উঠে।” মানসিক স্বাস্থ্যৰ এক গুৰুত্ত্বপূর্ণ দিশ ফুটি উথিছে ‘১৭৭’ পদ্যটোত: “জীৱনটো কি এমুঠি শ্লিপিং টেবলেট/ নে মাথো এডাল ৰছী ?/ ই যে এগছি আশাৰ চাকি,/ চকুৰ কোটৰত আন্ধাৰবোৰ যি নিয়ে মচি।” আন এতি আকর্ষণীয় পদ্য হ’ল ‘১৭৯’: “সপোন মোৰ এবিন্দু সাগৰ,/ ঠিকনা মাৰফৎ কবিতা,/ উপন্যাস পথ, গল্প নগৰ/ ডাক : নাটঘৰ।” অৱশ্যে ‘কৃতজ্ঞতা’ত কোৱাৰ দৰে “মোৰ কঙাল জীৱনৰ/ বানানৰ পৃথিৱী কিমান যে খলা-বমা,/ জুপি-জুপি কিমান শুধৰাবা/ মোৰ সখি কুকিলা-অনুপমা!” দৃষ্টিগোচৰ হৈছে ‘খিৰিকি/খিৰিকী’ত।

Leave a customer review

Your email address will not be published. Required fields are marked *

Back To Top