জিঞাৰ নূপুৰ (Jinar Nupur)
70.00
জিঞাৰ নূপুৰ (Jinar Nupur) a poetry book in Assamese written by Janardan Goswami.
Description
জিঞাৰ নূপুৰ (Jinar Nupur) a poetry book in Assamese written by Janardan Goswami.
70.00
জিঞাৰ নূপুৰ (Jinar Nupur) a poetry book in Assamese written by Janardan Goswami.
জিঞাৰ নূপুৰ (Jinar Nupur) a poetry book in Assamese written by Janardan Goswami.
Shyamanta Das –
জনার্দন গোস্বামীৰ কবিতা সংকলন জিঞাৰ নূপুৰ
শ্যামন্ত দাস
জনার্দন গোস্বামীৰ ‘জিঞাৰ নূপুৰ’ ৮৮ টা কবিতাৰ সংকলন। অৱশ্যে ‘উছর্গা’ও এটা কবিতা, “অতিমাৰীত ভোগা পৃথিৱীখনত এদিন মোৰ বাবেও আহিল/ সেই দুঃসময়। তথাপি যি সপোনৰ নিঃশব্দ কোমল প্রেৰণাত/ মই শব্দবোৰ বিচাৰি পালো, সেই স্বর্গীয় সংযোগৰ/ অদৃশ্য সূতা ডালত বাজি থাকক মোৰ জিঞাৰ নূপুৰ।/ এই শব্দমালা সেই স্বপ্নৰেই স্মিত পোহৰলৈ !”
“তাইৰ মাখন-কোমল শুভ্র ভৰিখনত নূপুৰ পিন্ধায়/ এটি কণমানি জিঞাই,” (জিঞাৰ নূপুৰ) শীর্ষক কবিতাই এইদৰে সমাগত ৰাগৰ সংহতি উপস্থাপন কৰে। ৰোমান্তিকতা পুৰুষ-স্ত্রীৰ মানৱীয় অনুভৱতে সীমাবদ্ধ নাথাকি বৃহত্তৰ সমাজ আৰু প্রেৰণাময় প্রকৃতিক সামৰি লৈছে, “সেই নামি অহা সোণালী আকাশখনেই লাহে লাহে চুইছিল/ এখন গাঁৱৰ সেউজ-সীমান্ত।” (মানসী) আৰু “দুখ পালেও মনৰ সংগ নেৰা তাই সুন্দৰী মানসী,/ তাই যে ভাল পায় আকাশে আবৰি থকা গোটেই পৃথিৱীক।” (শিলত আকাশ অঁকা ছোৱালীজনী)। ইয়াৰেই হয়তোবা পূর্ণ প্রকাশ পাইছে ‘সেউজ’ত, “মাজনিশা আলমাৰীৰ ভিতৰৰ পৰা উৰি-উৰি ওলাই আহে/ এখিলা বহু পুৰণি ছিন্ন-জির্ণ শুকান গছৰ পাত।/ পলকতে পাতখিলা আকৌ হৈ উঠে সেউজীয়া,/ তাৰ পৰাই হঠাতে গজি উঠে এজোপা আঁহত গছ,/ গছজোপাৰ কাষতে সৃষ্টি হয় এটা পুখুৰীৰ।/ সেই পুখুৰীৰ পাৰতে, গছজোপাৰ তলতে/ জিলিকে দুটি প্রেমৰ প্রতিবিম্ব।/… দুটি পখী হৈ দুয়ো উৰি যায় আল্পাইন পর্বতমালালৈ,/ তাৰপৰা নামি আহি পানী খায় দিছাঙত।” নূপুৰ আৰু জিঞা উভতি আহে ‘এই জনমৰ মৰুভুমিত…’, “কাৰ ভৰিত পিন্ধাই দিব মেঘৰ নূপুৰ,/… পখিলা আৰু জিঞাবোৰে,”; “আৰু পানীৰ নূপুৰ পিন্ধি ৰূপালী ঢৌ খেলি থকা” (এখন নেদেখা মুখ )।
ফাগুনৰ বা বলিছে বাৰে বাৰে, “বাজিছিল সেই ফাগুনৰ গান,/ ’আজি ফাগুনৰ পুৱা বেলাতেই মেঘে ওন্দোলাই আনিলে’।… তথাপি এদিন সেই ফাগুনেই পাতিলে/…” (প্রথম উপহাৰ); “ফাগুনৰ বতাহতো যি নকঁপিল,” (অশৰীৰী); “ফাগুনে গছ-বনে ছটিয়াই দিয়ে বাটৰ ধূলি।” (কেনেকৈ যে !); “গহীন নিশা কুলিৰ বুকুত অস্থিৰ ফাগুনে” (শান্তি); “ফাগুনৰ পাতহীন গছজোপাৰ ডালবোৰে” (সহস্রাব্দী); “ফাগুনৰ বাটত মতলীয়া হৈ উৰিলো-ফুৰিলো,” (সুহুৰি); “য’ত মোৰ ফাগুনৰ সেওঁতাৰে ফুলি নুঠে শিমলু।” (কৃষ্ণ গহ্বৰ…); “ফাগুনৰ পুৱতি নিশা,” (কৰুণ); “দুহাত মেলি ৰৈ থাকে এজন ফাগুন-বলিয়া কবি,/ যদিও ফাগুনেই কাঢ়ি নিয়ে/ এখন সোণ-সাঁচতীয়া ছবি।” (অপেক্ষা); “ফাগুন,/ তই অনামিকাৰ অচিনাকি নিষ্ঠৰ সেন্দূৰ !” (নিষ্ঠৰ) ফাগুনৰ দৰে শাওণো কবিৰ প্রিয়, “পিছে শাওণৰ পথাৰত বোকা খচকি তাই হৈ পৰে ৰূপহী ৰোৱনী।” (জিঞাৰ নূপুৰ); “এইবাৰ শাওণৰ এটা ভৰ দুপৰীয়া,” (মানসী); “মই এইমাত্র পঠাই দিছোঁ মোৰ বুকু উপচি থকা শাওণক,/… মোৰ শাওণে টপটপকৈ বৰষুণৰ চুমাৰে নোহোৱা কৰি দিব/… শাওণ,/” (শাওণ); “শাওণৰ বৰষুণতো যি নিতিতিল,/” (অশৰীৰী); “ৰৌদ্রোজ্জ্বল আকাশৰ তলতেই শাওণৰ পথাৰে আঁকি দিয়া” (এখন নেদেখা মুখ)। ফাগুন আৰু শাওণৰ পাছতেই আঘোণ, “চেঁচা বতাহে শুৱাই দিয়া আঘোণৰ সোণ-ধাননিৰ বুকুৰ পৰা/” (এই জনমৰ মৰুভূমিত…); আৰু আছে চ’ত, “চ’তৰ পুৱতি নিশা কুলিৰ মাত শুনি-শুনি” (সীমান্ত); ব’হাগো পিছ পৰি নাথাকে, “মোৰ চকুৰ মণিত এই ব’হাগৰ মিঠা” (ৰঙালী)।
আকৌ এজাৰো উৰি-ফুৰে চাৰিওফালে, “তথাপি পদ্মিনী, ধূলিৰ ধুমুহাতেই আমি সাজিলো এজাৰ ফুলৰ ঘৰ,” (পদ্মিনী); “বতাহত কঁপি উঠে এখন এজাৰ ফুলৰ শাৰী,” (ৰিণি ৰিণি সুৰ); “গোলাপ-এজাৰ-সোণাৰুৰ পাহে-পাহে” (সুহুৰি)। কাঞ্চন ফুলো ভাল পায় কবিয়ে, “আকৌ এপাহ দুখৰ কাঞ্চন ফুলিব !” (সোণ চেকুঁৰা); “কাঞ্চন ফুলবোৰ কেতিয়া ফুলিছিল,” (শান্তি); “এবুকু কাঞ্চন ফুল, এমুঠি কবিতাৰ পাণ্ডলিপি, আৰু/ এটা স্মৃতিৰ এলবাম্।” (ৰিণি ৰিণি সুৰ); “সেউজীয়া চাহ-বাগিচাৰ কাষৰ ৰাশি-ৰাশি কাঞ্চনত” (সুহুৰি); “আৰু এপাহ কাঞ্চনৰ ৰেণু সানি জীয়াই তুলিছিল” (আইনা)। শিমলুও উৰি আহে কবিৰ কবিতাত, “ৰ’দে জলমল্ ৰঙা শিমলুৰ তলে-তলে” (সুহুৰি); “য’ত মোৰ ফাগুনৰ সেওঁতাৰে ফুলি নুঠে শিমলু।” (কৃষ্ণ গহ্বৰ…)। আৰু ভাল পায় কবিয়ে বকুল, “যাৰ উজ্জ্বল হাঁহিত জিলিকি আছে বকুলৰ পাহি,” (জিঞাৰ নূপুৰ); “সেই বকুল তললৈ,” (ৰিণি ৰিণি সুৰ)।
কবিতা আৰু ছবি একাকাৰ হৈ পৰে, “তাইৰ কবিতাৰ ছাঁতেই মই কবিতা লিখিম,/ তাইৰ ছবিৰ পোহৰতেই মই ছবি আঁকিম।” (এই জনমৰ মৰুভুমিত…); “বিষাদৰ ছাঁই আজি আন্ধাৰ কৰিব কাক ? এখন ধুনীয়া ছবিক ?/ … এটা মিঠা কবিতাৰ শীতল পোহৰ। … এবিন্দু জোনাকী, এখন ছবি আৰু এটা কবিতা” (প্রত্যাশা); “আজি নিশা ফ্রেমৰ পৰা নামি আহিব মনালিছা,/ কাঁচৰ পিয়লাত একেলগে পোহৰ পান কৰি/ ছায়াৰ বিছনাত বিভোৰ হৈ শুনিব/ কোনোবা প্রমিক কবিৰ কথা।” (মনালিছা); “সেই ছবিবোৰেই মোৰ চকুৰ মণিত চুমা দি হৈ যায় একোটা শব্দ,/ আৰু সেই কথাবোৰেই কলিজাত দাগ কাটি লিখি যায়/ এটা মিঠা কবিতা।” (অসহায়); “আৰু কবিতাই সাঁচি থয়/ মোৰ ভীষণ বেদনাৰ এখন নীলা ছবি।” (মোৰ ছবি); “কবিতাৰ বুকুত চকুপানীৰে তিতি থকা সেইখন কাৰ ছবি ?” (কোন ?); “এদিন নিমাত হৈ গ’ল শব্দবোৰ,/ নিৰুদ্দেশ হৈ গ’ল এখন ছবি।“ (এদিন)
লেফাফাই ভুমুকি মাৰিছে তাৰ মাজে মাজে, “ইটোৰ পিছত সিটো হালধীয়া লেফাফা আছিল,” (প্রথম উপহাৰ); “এটা ধুনিয়া অদৃশ্য স্মৃতিৰ লেফাফাত আহে” (লেফাফাত নক্ষত্রৰ উশাহ); “আৰু তাৰ ড্রয়াৰত মোৰ স্মৃতিৰ এটা বন্ধ লেফাফা।” (স্মৃতিৰ লেফাফা); কেতিয়াবা আকৌ খাম হৈ, “মোৰ নীলা খামৰ অজস্র চিঠি,” (মোৰ ছবি); “কবিতা পৰি ৰয় এটা বন্ধ কোঠাৰ বন্ধ খামত,” (ছিন্ন)। ৰং চিতিকি পৰিছে চৌপাশে, “সেউজীয়া আৰু নীলা,/” (শিলত আকাশ অঁকা ছোৱালীজনী); “ৰঙা-হালধীয়া-সেউজীয়া-নীলা,/” (সৰগ); “যাৰ কিৰীটিত থাকিব এমুখ ৰ’দৰ সোণ-হালধীয়া ৰং,/” (দৰিয়াঘাটৰ কবিতা)। সাংকেতিকভাৱে সেন্দুৰ আহি পৰে, “নিষ্ঠৰ সেন্দূৰৰ মেলা,” (প্রথম উপহাৰ); “এটা নিষ্ঠৰ সেন্দূৰৰ ফোঁট।” (সেউজ); “আৰু সেঁওতাত আবেলিৰ সেন্দূৰ লৈ/ কইনা হ’ব নদীখন।” (সহস্রাব্দী); “নেপথ্যৰ সেউজ অৰণ্যত সেন্দূৰ ছটিয়াই দিয়া” (এখন নেদেখা মুখ); “ফাগুন,/ তই অনামিকাৰ অচিনাকি নিষ্ঠৰ সেন্দূৰ !” (নিষ্ঠৰ)
(গৌতম) বুদ্ধৰ আবির্ভাৱ ঘটিছে এইদৰে, “তথাপি বুদ্ধৰ এমুঠি সৰিয়হত কৰোঁ জীৱনৰ জয়ধ্বনি।” (দোকমোকালি); “আধাপোৰা কংকালত সেই যে গৌতম বুদ্ধৰ সঞ্জীৱনী স্বর্গীয় পৰশ,” (মায়া); “তেন্তে কি আৰু আছে এই ভিক্ষুৰ হাতত” (সম্পদ); “বুদ্ধই দেখা জৰা-ব্যাধি-মৃত্যুৰ ৰহস্যত/ ময়ো জীৱন দেখিছোঁ।” (এদিন)। জীৱন-মৃত্যুৰ ছাঁ-পোহৰে আৱৰি ধৰে মাজে-সময়ে, “শ্বহীদৰ নামত মই নকৰোঁ মৃত্যুৰ বন্দনা,/ মোক লাগে জীৱন।” (মোক লাগে জীৱন); “এতিয়া জীৱনে জীয়া-শিলৰ বুকুত/ শুনায় মৃত্যুৰ স্ৱৰলিপি। … কিন্তু লগে লগে মৃত্যুৱে লিখিছিল/ জিৱনৰ কৰুণ শ্রুতলিপি।” (অশৰীৰী); “য’ত জীৱনে নিদিয়ে জীবলৈ,/ আৰু মৃত্যুৱে নিদিয়ে মৰিবলৈ !” (মাজনিশাৰ মুখখন); “হয়তো কেৱল শৰীৰ জীয়াই থাকিল শৰীৰত,/ আৰু আত্মা বাৰে-বাৰে পুৰি ছাই হ’ল দূৰৰ পৃথিৱীত।” (শিতান); “মৃত্যু-সুহুৰিৰ কি মোহিনী পোহৰ !” (সুহুৰি); “মৃত্যুৱে প্লে’কার্ড লৈ ৰৈ আছে প্লে’টফর্মত,” (ক’ত ?); “এডাল ৰছী আৰু এমুঠি শ্লিপিং টেবলেটত/ বহুদিন ওলমি আছিল চিৰশান্তিৰ দুঃস্বপ্ন।” (এদিন)। বুৰঞ্জীয়ে ভুমুকি মাৰে, “মহেঞ্জদাৰো নে হৰপ্পা ? নে মেছোপটেমিয়াৰ বোকাৰ লিখা ?/… অজন্তা নে ইলোৰা ?” (পদ্মিনী); “বুৰঞ্জীৰ পৃষ্ঠাত হাত দিলেই লাগি আহে/ তেজ আৰু চকুলো,” (মোক লাগে জীৱন); “আৰু তিব্র হেঁপাহৰ এক শেষ নোহোৱা বুৰঞ্জী।” (সাঁচিপাত)
কবিৰ ইচ্ছা, “’কবিতা নুবুজো’- বুলি তির্যক মন্তব্য দিয়াজনেও নিজে নজনাকৈয়ে ভাল পায় ছন্দ আৰু ব্যঞ্জনা। সেয়েহে বোধহয় বিজ্ঞাপন, শ্লোগান আৰু দেৱাল-লিখনেও মিলাব খোজে ছন্দ। নুবুজাকৈও কোনোবাই ভাল পাব পাৰে কবিতাক, ঠিক প্রথম দৃষ্টিৰ অবুজ প্রেমৰ দৰেই। আশাকৰো কবিতা পঢ়া-নপঢ়া, বুজা-নবুজা সকলোৱে আদৰি ল’ব ‘জিঞাৰ নূপুৰ’ক।” নিশ্চয়কৈ পূৰণ হ’ব।