উভতি নহা পখীৰ গুণ্ গুণনি (Uvoti Noha Pokhir Gungunoni)
90.00
Description
উভতি নহা পখীৰ গুণ্ গুণনি (Uvoti Noha Pokhir Gungunoni) a poetry book in Assamese written by Janardan Goswami.
90.00
উভতি নহা পখীৰ গুণ্ গুণনি (Uvoti Noha Pokhir Gungunoni) a poetry book in Assamese written by Janardan Goswami.
Shyamanta Das –
জর্নাদন গোস্বামীৰ কবিতা উভতি নহা পখীৰ গুণ্ গুণনি
শ্যামন্ত দাস
পোছাকী নাম হয়তোবা ‘উভতি নহা পখীৰ গুণ্ গুণনি’, পিছে ঘৰত নিশ্ছয়কৈ মাতিব পাৰি ‘আকাশ, পৃথিৱী, সাগৰ (সমুদ্র)’ বুলি। ‘উছর্গি’তো হৈছে আকাশতে, পৃথিৱীৰ উল্লেখেৰে, “মোৰ আখৰৰ আঙুলিত ধৰি/ যি ভ্রমণ কৰিব খোজে শব্দৰ পৃথিৱী,/ যাৰ হাতত হাত থৈ কবিতাই মচি দিব পাৰে এটি গল্পৰ চকুপানী,/ সেইখন আকাশৰ বুকুতেই সঁপি দিলো/ মোৰ উভতি নহা পখীৰ গুণগুণনি।” উভতি আহিছে পৃথিৱী, এইবাৰ সমুদ্রৰ সৈতে, ‘আগকথা’ত, “সেয়েহে দুপৰৰ ৰ’দতো মই চকুমুদি দেখা পাওঁ/ এখন তেজৰঙা সমুদ্র/… তথাপি অর্থৰ সন্ধানে যদি শব্দত সন্দেহ সানে,/ তেন্তে শব্দই পৃথিৱীৰ ক্ষমা প্রার্থনা।”
আকাশ
“আকাশে যাক চুব নোৱাৰে,/ তৰাই যাক ঢুকি নাপায়,” (সাঁথৰ); “মাথোঁ গৈ থাকা আৰু গৈ থাকা,/ গৈ থাকিলেই উৰিবলৈ পাবা এখন নতুন আকাশ।” (বাট); “এটি ধূলিকণাও মোৰ কাষত নাই,/ তথাপি অকলেই থিয় দি থকা মই এখন মহাকাশ/… আৰু এই বাটেৰেই আলোকিত হয়/ তলৰ প্রশান্ত আকাশ।” (ছাঁ মোৰ নাই); “ক’ৰ পৰা বৈ আহে/ ইমান প্রেমৰ আকাশী গংগা ?” (উৎকণ্ঠা); “ভাঙি-ছিঙি খহি পৰে বহুদিন/ নেদেখা মোৰ এখন ধুনীয়া আকাশ,/… বুকুত সাতখন অশ্রুৰ সাগৰ লৈ/ নিজ কক্ষপথত ঘূৰি থাকে মোৰো/ বিহ্বল পৃথিৱী,” (চাকি); “শূন্য আকাশ,/ অলপ আগেয়ে শেষ হ’ল অশান্ত মেঘৰ সভা।” (কল্যাণীয়া); “লাহে লাহে সময় গাভৰু হয়,/ মেঘৰ ৰোমাঞ্চ আবৰি ধৰে প্রেমৰ আকাশ।” (বালিঘৰ); “উত্তাপ দিবলৈ কোনো নক্ষত্র নাই,/ আছে মাথোঁ এখন স্মৃতি-গধুৰ আকাশ।” (বিষ); “বিশাল এখন আকাশে যাক থাকে আবৰি,” (ধুনীয়া); “দিগন্তৰ নীলিমাত শেষ নোহোৱা এখন আকাশ” (মোৰ প্রেম); “আজি নামি আহিব এখন আকাশ,” (টোপনি); “সেইদিনাই নীলকণ্ঠই নীলা আকাশত লিখিছিল/ এখন অশান্ত মেঘৰ চিঠি।” (চিঠি); “নাজানো আন্ধাৰত আকাশ খেপিয়াই/ বিচাৰিলো কাক,/ হেৰুৱালো কাক ?” (পৰিচয়); “এদিন সাগৰৰ বুকুৰ পৰা আকাশ চাই বলিয়া হ’লো,” (ৰামধেনু); “আকাশ নেদেখি থমকি ৰয় নতুনকৈ ডেউকা গজা/ এটি অবাক পখী।” (অমৃত); “এনেতেই আকাশৰ পৰা/ এটা-দুটাকৈ নামি আহিছিল এজাক তৰাৰ বৰষুণ।” (কাহিনী); “চিলনী-সাঁতোৰৰ দুষ্ট চাৱনিত/ দিগন্ত-বিয়পা নীলাভ-আকাশ।/… যাৰ ওপৰত দিগন্ত বিয়পা সেই একেই আকাশ।” (পানী); “আৰু ঠনৰকৈ ফালি-চিৰাচিৰ্ হ’ল আকাশ।” (পখিলা); “হঠাৎ এখন আকাশৰ বুকুত ধপ্ ধপনি,/ ধাৰাসাৰ ঘামৰ জলপ্রপাত,/… স্কুলৰ চোলাত আছিল শুভ্র মেঘ,/ পেণ্টত নীলা আকাশ,” (পৃথিৱী); “ৰহস্যময় তৰাভৰা ৰাতিৰ আকাশ !” (সময়); “কুম্ভিৰ অতীতে পলে-পলে গিলি আহে/ আকাশৰ এফাল কলিজা।” (স্মৃতি); “তাৰেই তলত কেনেকৈ যে লগ হ’ল/ দুখন বৰ মৰমৰ পুৰণি আকাশ !” (বৰষুণ); এখন ৰামধেনু বিচাৰি/ ওখ হৈ উঠি-উঠি গৈ থাকিল বিয়াকুল আকাশ, (ৰং)।
পৃথিৱী
“উজাগৰী এটি নিশাত/ গলি-গলি শেষ হৈ যায় পৃথিৱীৰ সকলো সংজ্ঞা ?” (সাঁথৰ); “কেতিয়াবা মোৰ ছাঁটো বিচাৰি/ নামি আহো পৃথিৱীলৈ,” (ছাঁ মোৰ নাই); “মই এটোপাল নিয়ৰত বুৰাই দিওঁ/ গোটেই পৃথিৱী।” (শেষৰ গান); “বুকুত সাতখন অশ্রুৰ সাগৰ লৈ/ নিজ কক্ষপথত ঘূৰি থাকে মোৰো/ বিহ্বল পৃথিৱী,” (চাকি); “মোৰ অশান্ত পৃথিৱীৰ সকলো কাহিনী সামৰি/ অৱশেষত ঢুকি পালো বহুদূৰৰ” (অর্থ); “কিমান ধুনীয়া মোৰ প্রেয়সী-পৃথিৱী !” (ধুনীয়া); “শব্দৰ বেদনা লৈ লৈ/ গৈ থাকিব এখন শব্দ-সুন্দৰ পৃথিৱী।” (চকুপানী); “ভাগৰুৱা বুকুত এটা ডগমগ্ সপোন লৈ/ গভীৰ প্রশান্তিৰে টোপনি যাব/ মোৰ ধুনীয়া পৃথিৱী।” (টোপনি); “ভগ্ন সপোনৰ অসহায় পৃথিৱীত/ সেয়া যে কি এক বিবর্ণ ছবি !” (চিঠি); “সেই যে দোকমোকালিতে মোৰ শব্দৰ আঙুলিত ধৰি/ কঁপি উঠিছিল এখন স্বপ্নময় পৃথিৱী,” (পোহৰ বিচাৰি); “ময়ো সীমাৰ অসীমত নীৰৱে সামৰি থওঁ/ মৌনতাৰ কি যে এখন অসহায় পৃথিৱী !” (মৌনতা); “ৰজনীগন্ধাৰ সুবাসত বলিয়া হ’ব/ জেতুকা ৰঙৰ নতুন পৃথিৱী,” (পখিলা); “গভীৰ নিশা ভীষণ মূৰ-ঘূৰণিত কঁপি উঠিছে/ এটা কোঠাৰ অকলশৰীয়া বন্দী পৃথিৱী,/… এইখন পৃথিৱীৰো এটা কাহিনী আছিল,/ আছিল নিজৰ এখন ৰামধেনু।/… এইখন পৃথিৱীতে এতিয়া নিশা হ’লেই/ ভিন্সিয়ে ছবি আঁকে,/ ৰবিন্দ্রনাথে গান গায়,/ আৰু আইনষ্টাইনে বেহেলা বজায়।” (পৃথিৱী); “পৃথিৱীৰ লিখা-নিলিখা কত সাধু/ আৰু জীৱন-বুৰঞ্জী,” (বনতুলসী); “নাপালেও বিচাৰি-বিচাৰি ভাগৰি নপৰা/ মই এতিয়াও এক অশান্ত পৃথিৱী।” (গল্প); “আৰু পৃথিৱীয়ে লিখিবলৈ ল’লে/ প্রেমৰ নীলা স্তৱক।” (ৰং); “এই সুন্দৰ পৃথিৱীত জাগি উঠে/ জীৱনৰ অজান পুলক।” (পুলক)
সাগৰ
“আৰু সাগৰলৈ বুলি উটুৱাই দিলো/ মোৰ সমস্ত সপোনক;” (বিসর্জন); “এবিন্দু সাগৰৰ বুকুত/ আজি আকৌ জি উঠিল” (উজ্জীৱন); “কেৱল সাগৰমুখী মই এক জলকণিকা,/ জলকুঁৱৰী মোৰ শেষ প্রেয়সী।” (সোঁত); “মইতো এখন সাগৰ বাকি দিব খোজো/ মোৰ বেদনাৰ নীল-তৰংগৰে।” (বাট); “মই জানো,/ সেইখন সাগৰৰ বুকুত মোৰ বাবে কোনো ঢৌ নাই,” (অর্থ); “গভীৰ এখণ সাগৰে যাক ৰাখে সাবটি।” (ধুনীয়া); “জোন-বলিয়া সাগৰ এতিয়া শান্ত,” (চকুপানী); “আৰু ঢৌ খেলি-খেলি উৰি থাকে এখন সাগৰৰ চুলি।” {ৰাতি-ৰাতি (১)}; “অহা জনমত এসাগৰ চুলিৰ ঢৌৱে আহি/ উপকূলৰ গাল-মুখ চুই যাব,” (নিশা); “এদিন সাগৰৰ বুকুৰ পৰা আকাশ চাই বলিয়া হ’লো,” (ৰামধেনু); “তেতিয়া সাগৰ-সাগৰ লগা এটা সৰু পুখুৰীত/ আনন্দৰ সৰু-সৰু ঢৌ,/… এয়া যে সাগৰ,/ তাহানিৰ সেই নেদেখা সাগৰ,/ জীৱনৰ সকলো বিষ-বেদনা শুহি শুহি নীলা হোৱা/ এখন সঁচাকৈয়ে ধুনীয়া বিশাল সাগৰ।” (পানী); “এজাক মিঠা বৰষুণত ওপচি পৰিব/ মৰমৰ জান-জুৰি, নদী-নিজৰা, সাগৰ-সৰোবৰ !” (পখিলা): “দুভৰিত এযুৰি ৰূপালী নুপুৰ পিন্ধা জলকুঁৱৰীয়ে/ সাগৰতলীৰ পৰা উঠি আহি কৰে/ জীৱনৰ শংখধ্বনি,” (সময়); “গোলাপৰ ৰঙা-ৰঙা পাহিবোৰ/ সাগৰৰ নীলা-নীলা চিঠি হ’ল,” (বৰষুণ); “মৰুভূমি, অৰণ্য, পর্ব্বত, সাগৰ সকলো ভ্রমি-ভ্রমি,” (পুলক)।